পুনৰ ভূমিকম্পই জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল। সোমবাৰে বিয়লি নাগালেণ্ডৰ ৰাজধানী কহিমাৰ দক্ষিণ-পশ্চিম প্ৰান্তত ৪৮ কিঃমিঃ দূৰত্বত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
৫ বাজি ৩২ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
এই ভূমিকম্পৰ ফলত হোৱা ক্ষতিৰ বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। উল্লেখ্য যে, বিগত কেইদিনত বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে।
Photo: Google