মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে।
হাগ্ৰামাক লৈ কৰা মন্তব্যৰ পিছতে কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে।
কংগ্ৰেছৰ সহযোগী দল BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক শৰ্মাই NIAৰ যোগেদি জেললৈ প্ৰেৰণ কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছে।
ইয়াৰ পিছতে নিৰ্বাচন আয়োগে শ্ব’ কজ প্ৰেৰণ কৰে মন্ত্ৰীগৰাকীলৈ।
শৰ্মাই প্ৰথম দৰ্শনত (Prima Facie) নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে বুলি উল্লেখ আছে জাননীখনত।
২ এপ্ৰিলত ৫ বজাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগক দিব লাগিব উত্তৰ।
EC asks Assam Min Himanta B Sarma for explanation by 2nd April over his statement at a rally regarding which Congress had complained to EC that he "openly threatened Hagrama Mohilary, Bodoland People's Front Chairperson & INC ally of sending him to jail by misuing Central Agency" pic.twitter.com/fPtQijdxJ6
— ANI (@ANI) April 1, 2021
উত্তৰ দিব নোৱাৰিলে নিৰ্বাচন আয়োগে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও উল্লেখ কৰা আছে জাননীখনত।
কংগ্ৰেছৰ অভিযোগ পত্ৰৰ ভিত্তিতে নিৰ্বাচন আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে।
Photo Credit: Google