শুকুৰবাৰে নিৰ্বাচনী আয়োগে হিমন্ত বিশ্ব শৰ্মাক ৪৮ ঘণ্টাৰ বাবে কোনো ধৰণৰ নিৰ্বাচনী কাৰ্য কলাপত অংশগ্ৰহণ নকৰিবলৈ নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে নিৰ্বাচনী আয়োগে বদলি কৰিলে গোৱালপাৰা জিলাৰ SP তথা হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাক।
হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কৰিছিল মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
ইতিমধ্যে গোৱালপাৰা জিলাত নতুনকৈ নিযুক্তি প্ৰদান কৰিছে IPS শ্ৰী ভীৰা ভেনকান্ত ৰাকেশ ৰেড্ডীক।
৬ এপ্ৰিল তাৰিখে অসমত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
Photo Credit:Google