অৱশেষত আলফা(স্বাধীন)য়ে মুকলি কৰি দিলে কুইপ’ৰ দুই অপহৃত বিষয়া ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক।
মধ্যস্থতাকাৰী নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে চমজি লয় অপহৃত বিষয়া দুগৰাকীক।
বিগত বৰ্ষৰ ডিচেম্বৰ মাহত কুইপৰ দুগৰাকী কৰ্মচাৰীক অৰুণাচলৰ চাংলং জিলাৰ পৰা অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰি লৈ যোৱাৰ পিছত অইল কোম্পানী বা কোম্পানীৰ সৈতে সংলগ্ন হৈ থকা ব্যক্তিগত অইল কোম্পানীসমূহে কিমান সুৰক্ষা প্ৰদান কৰিব পাৰে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছিল।
অইলৰ দুজন কৰ্মচাৰীক অপহৃত ঘটনাৰ পিছতে কৰ্মচাৰীসকলৰ জীৱনলৈ আহিছিল ভাবুকি।
নিজৰ নিজৰ নিৰাপত্তাৰ খাতিৰত চাকৰি এৰি পলায়ন কৰিছিল নিজ বাসগৃহলৈ।
মুক্তিৰ বাবে বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল ২ সদস্যৰ পৰিয়ালৰ পৰা।
আৰু আজি প্ৰায় ৩ মাহৰ পিছত আলফাই মুকলি কৰি দিলে কুইপ’ৰ দুই অভিযন্তাক।
Photo: Headline8