কামৰূপ মহানগৰ জিলাৰ নিউ গুৱাহাটী কোষাগাৰৰ গাণনিক, গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ পাণ্ডু সদিলাপুৰ নিবাসী বিশ্বজিত বর্মনক অৱসৰৰ প্ৰাকক্ষণত ৩০ জানুৱাৰীত কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত সহকৰ্মী সকলে বিদায় সম্বৰ্দ্ধনা জনায়। বিশ্বজিত বৰ্মনৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণৰ দিন আছিল যদিও ৩০ জানুৱাৰীত চৰকাৰী বন্ধৰ দিন হোৱা বাবে সহকৰ্মী সকলে এদিন আগতীয়াকৈ তেওঁক সম্বৰ্দ্ধনা জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।
আনহাতে এই উপলক্ষে অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত সভাপতিত্ব কৰে নিউ গুৱাহাটীৰ কোষাগাৰ প্ৰাধিকাৰী হিমাদ্ৰী ঠাকুৰীয়াই। অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী সন্থাৰ সভাপতি দ্বীপেন শৰ্মা, সদস্য তৰুণ কাকতি, কোষাগাৰ কৰ্মচাৰী সন্থাৰ প্রাক্তন সম্পাদক অৰবিন্দ দাস,বিত্ত বিষয়া প্ৰণৱ শর্মা, প্ৰাক্তন প্ৰাধিকাৰী পৰেশজিৎ দাস, ব্যৱসায়ী দিলীপ লেখাৰু, সুৰজিৎ সিনহা, ত্ৰিদিপ দত্তকে ধৰি বহু গণ্যমান্য লোক উপস্থিত থাকে। অনুষ্ঠানত বিশ্বজিত বৰ্মনৰ দ্বাৰা প্রকাশিত “কর্মজীৱনৰ বৃত্তৰ পৰিধিৰ জলঙাৰে” নামৰ এখন পুস্তিকাও প্ৰকাশ কৰা হয়।
অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ দিছপুৰ আদি কোষাগাৰৰ বৰ্তমানৰ আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী য়েও ভাগ লৈ বিশ্বজিত বৰ্মনৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰি সুদীৰ্ঘ প্ৰায় ৩৫ টা বছৰ বিভাগত নিষ্ঠা সহকাৰে কাৰ্যনিৰ্বাহ কৰা কথাটোৰ শলাগ লয়। তেনেদৰে সম্বৰ্দ্ধনাৰ প্ৰত্যুত্তৰত বিশ্বজিত বৰ্মনে ১৯৮৯ চনৰ তিনি জানুৱাৰীত বিভাগত যোগদান কৰাৰে পৰা কৰ্মজীৱনৰ শেষ দিনটোলৈকে তেওঁৰ কৰ্মজীৱনৰ তিতা – কেহা – মিঠা অভিজ্ঞতাৰ চমুকৈ আলোকপাত কৰে আৰু কেতিয়াবা যদি অজানিতে কোনোবাক কিবা টানকৈ কৈছিল তাক ধৰি নাথাকিবলৈ অনুৰোধ জনায়।