বিগত কেইটামান দিনত ধুবুৰীৰ সদ্যপ্ৰাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ হৈ পৰিছে অসমৰ সংবাদ মাধ্যমৰ নয়নৰ মণি। সামাজিক মাধ্যমতো অতিশয় জনপ্ৰিয় তেওঁ।এইগৰাকী আনন্দ মিশ্ৰই এতিয়া গ্ৰহণ কৰিছে নগাঁৱ জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব।নতুন জিলাত দায়িত্বভাৰ গ্ৰহণ কৰিয়েই তেওঁ নিদ্ৰাহৰণ কৰিছে ড্ৰাগছ মাফিয়া চক্ৰৰ।
ইফালে তেওঁ নগাঁৱলৈ বদলি হৈ অহাৰ পিছতে ধুবুৰীৰ নতুন আৰক্ষী অধীক্ষক গৰাকীয়ে নিজা তৎপৰতাৰে গ্ৰেপ্তাৰ কৰিছে ধুবুৰীত উপ-আৰক্ষী অধীক্ষক হিচাপে দীৰ্ঘকাল ধৰি কাৰ্যনিৰ্বাহ কৰি অহা যতীন দাসক।লগে লগেই প্ৰশ্ন উঠিছে যে সঁচাকৈয়ে নিজৰ অধীনত দীৰ্ঘ সময় জুৰি কাম কৰি অহা এইগৰাকী যতীন দাসৰ গৰুৰ চোৰাং বেহাৰ চিণ্ডিকেটৰ সৈতে থকা সুসম্পৰ্কৰ বিষয়ে পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ অৱগত নাছিলনে? নে সকলো জানিও জিলাখনত তেওঁ অন্ধ ধৃতৰাষ্ট্ৰৰ ভাও ধৰিছিল?
এনে ধৰণৰ কিছুমান প্ৰশ্নই সচেতন মহলৰ মনত ক্ৰিয়া কৰি থকাৰ সময়তে কালি প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাই কৰা এটা টুইটে ভীষণ চৰ্চা লভিছে। টুইটটোত তেওঁ লিখিছে, ‘ নগাঁৱৰ বৰ্তমানৰ এছ পিজনৰ ভাৱমূৰ্তি কৃত্ৰিম আৰু সংবাদ মাধ্যমে সৃষ্টি কৰা। ধুবুৰীৰ এছ পি হিচাপে তেওঁৰ কাৰ্যকালৰ উপযুক্ত তদন্ত হোৱা দৰকাৰ আৰু ই বহুতো কথা পোহৰলৈ আনিব।এন আই এ ৰ তদন্ত হৈছে সময়ৰ আহ্বান’।
অৱশ্যেই ডেকাৰ এনে আক্ৰমণৰ পূৰ্বেই আনন্দ মিশ্ৰই ধুবুৰীত তেওঁৰ কাম-কাজৰ স্বচ্ছতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰাসকলক প্ৰত্যুত্তৰ দি সংবাদ মাধ্যমৰ সন্মুখত কৈছিল যে তেওঁৰ কাৰ্যকালত কোনো ধৰণৰ চোৰাং কাৰবাৰ জিলাখনত সংঘটিত হোৱা নাছিল। অতি কঠোৰভাৱে তেওঁ সকলোৰে সক্ৰিয়তাৰ ওপৰত নজৰ ৰাখিছিল।লগতে এয়াও তেওঁ স্পষ্ট ভাৱে জনাইছিল যে জিলাখন এৰি অহাৰ পিছত তাত সংঘটিত কোনো ঘটনাৰ বাবে তেওঁ দায়বদ্ধ নহয়।