নাৰী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ প্লাছমা ডায়েগ্ন’ছিছ কেন্দ্ৰই শুক্ৰবাৰে পুৱা খানাপাৰৰ ৱাকিং জ’নত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱা আগবঢ়ায়। উক্ত স্বাস্থ্য পৰীক্ষা শিৱিৰত ৰাইজৰ বিপুল সহাঁৰি পৰিলক্ষিত হয়।স্বাস্থ্য পৰীক্ষা শিৱিৰটোত প্লাছমা ডায়েগ্ন’ছিছ কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ চাবিনা তনচিল উল্লাহ, ডাক্তৰ সুধিন্দ্ৰ গোস্বামী, ডাক্তৰ জেবিন চুলতানাই চিকিৎসা সেৱা আগবঢ়ায়।
প্লাছমা ডায়েগ্ন’ছিছ কেন্দ্ৰই উক্ত দিনাই এজাইল হস্পিতালৰ ফিজিও থেৰাপি বিভাগৰ সহযোগত হাতীগাওঁৰ প্ৰমোদ তালুকদাৰ মেমৰিয়াল বৃদ্ধ আশ্রমত এখনি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰো আয়োজন কৰি ককা-আইতাসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে স্বাস্থ্য সম্পৰ্কীয় দিহা পৰামৰ্শ প্ৰদান কৰে।