৮ মাৰ্চ, আন্তৰ্জাতিক নাৰী দিৱস। সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটীতো দিনযোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। সেইদৰে নাৰী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ প্লাছমা ডায়েগ্ন’ছিছ কেন্দ্ৰ আৰু এজাইল হস্পিতালৰ ফিজিও থেৰাপি বিভাগৰ সহযোগত হাতীগাওঁৰ প্ৰমোদ তালুকদাৰ মেমৰিয়াল বৃদ্ধ আশ্রমত এখনি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়।
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটোত প্ৰায় ১৪ গৰাকী ককা-আইতাক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁলোকক স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন দিহা-পৰামৰ্শ দিয়া হয়। তেজ পৰীক্ষা কৰাৰ লগতে তেওঁলোকক বিনামূলীয়াকৈ ফিজিও থেৰাপিৰ চিকিৎসাও দিয়া হয়। উক্ত অনুষ্ঠানত প্লাছমা ডায়েগ্ন’ছিছ কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ চাবিনা তনচিল উল্লাহ, এজাইল হাস্পতালৰ চিকিৎসক ডাক্তৰ ফাইজুনৰ আহমেদ, ডাক্তৰ, সুধিন্দ্ৰ গোস্বামী, ডাক্তৰ জেবিন চুলতানাৰ লগতে আন আন চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায়। চিকিৎসকসকলে ককা-আইতাসকলৰ সু-স্বাস্থ্য কামনা কৰাৰ লগতে বৃদ্ধাশ্ৰমখনৰ স্বত্তাধিকাৰী তথা সমাজসেৱী উৎপলে নাৰী দিৱস উপলক্ষে এক সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰি চিকিৎসকসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।