দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে সংহাৰী ৰূপ ধাৰণ কৰিছে।দিল্লীতো ভয়ংকৰ পৰিবেশৰ সৃষ্টি হৈছে।
তাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি এক সংবাদমেল অনুষ্ঠিত কৰে।
সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে দিল্লীত ১৮ বছৰৰ উৰ্ধৰ সকলো লোককে বিনামূলীয়া ক’ৰোনা প্ৰতিষেধক প্ৰদান কৰা হ’ব।
লগতে কয় যে কেন্দ্ৰ আৰু ৰাজ্য সমূহৰ বাবে ক’ৰোনা প্ৰতিষেধকৰ মূল্য এটা হ’ব লাগে।
মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিষেধকৰ সমাধান হিচাপে জনাই যে প্ৰতিষেধকৰ ফলত যদি কোনো ৰোগত আক্ৰান্ত হয় সেই ৰোগৰ পৰা আৰোগ্য নোহোৱালৈকে চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব।
যেনেকৈ ইংলেণ্ড লণ্ডনত ক’ৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছত ক’ৰোনা প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছত লাহে লাহে আৰোগ্য লাভ কৰিছিল ।
ঠিক তেনেদৰে ভাৰততো ক’ৰোনা প্ৰতিষেধকে ক’ৰোনা মুক্ত কৰাত সহায় কৰিব বুলি জানিব দিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
Photo Credit : Google