ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে বিটিআৰত শাসকীয় দল UPPL আৰু BPF দলৰ মাজত এতিয়া চলিছে তীব্ৰ বাকযুদ্ধ।
বিটিআৰত পৰিষদীয় নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰাম মহিলাৰীৰ মাজত হোৱা সংঘৰ্ষৰ দৰে এইবাৰ বিধানসভা নিৰ্বাচনটো হিমন্ত বিশ্ব শৰ্মা আৰু BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ মাজত হোৱা তুমুল সংঘৰ্ষই জোকাৰণিৰ সৃষ্টি কৰিছে।
মঙলবাৰে বিটিআৰৰ চিৰাঙৰ ৩৩নং বিজনী বিধানসভা সমষ্টিৰ আলখুন্দাত বিধায়ক কমল সিং নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই হাগ্ৰামা মহিলাৰীয়ে।
মহিলাৰীয়ে প্ৰচাৰ অভিযানৰ সভাত সংখ্যালঘূ অধ্যুষিত ভোটাৰক আৰ্কষণ কৰিবলৈ হিমন্ত বিশ্বৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে।
উল্লেখ্য নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান মহিলাসকলক উদ্দেশ্যি তাচ্ছিল্যকৰ মন্তব্য প্ৰদান কৰিছিল যে,
মুছলমান মহিলাসকল সন্তান জন্ম দিয়া মেচিন।
সেই মন্তব্যক লৈ হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী শৰ্মাক কটাক্ষ কৰি কয় যে, হিমন্ত বিশ্ব শৰ্মা কি মেচিনত জন্ম হৈছে? সেই মেচিনৰ নাম আৰু নম্বৰ কওক।
Photo: Google