বিশ্বৰ ইছলামধৰ্মী লোকসকলৰ পবিত্র হজ সমাপনৰ বাবে চলিত বৰ্ষত অসমৰ পৰা মক্কালৈ গৈছিল প্ৰায় ৫,৫০০ জন হজযাত্রী। কিন্তু প্ৰথমবাৰৰ বাবে দেশৰ আন বহু ৰাজ্যৰ লগতে অসমৰ হজযাত্ৰী মক্কা আৰু মদিনাত থকা প্ৰায় ছয় সপ্তাহৰ সময়চোৱাত অতি অবর্ণনীয় পৰিস্থিতিৰ সন্মূখীন হবলগীয়া হয়। এই সন্দৰ্ভত উত্তৰ পূব হজ কমিটিৰ অধ্যক্ষ আৰু মক্কাত উত্তৰ পূবৰ হজযাত্ৰীৰ দলটোক নেতৃত্ব দিয়া, অধিবক্তা নেকিবুৰ জামানে জানিবলৈ দিয়া মতে ছৌদি আৰব চৰকাৰৰ একাংশ বিভাগৰ দায়িত্বহীনতাৰ বাব এইবেলি ভাৰতৰ হজযাত্ৰী সকল যাত্ৰাৰ আৰম্ভণিৰে চৰম দুৰ্ভোগৰ সন্মূখীন হবলগীয়া হয় । ছৌদি আৰব চৰকাৰে প্ৰথম অৱস্থাত বিগত বৰ্ষৰ দৰে গুৱাহাটীৰ পৰা মদিনালৈ পোনপটীয়া বিমান সেৱাৰ ব্যৱস্থা কৰা হব বুলি ঘোষণা কৰাৰ পাছতো মূৰকত পোনপটীয়া বিমান সেৱাৰ ব্যৱস্থা নকৰিলে। যাৰ বাবে হজযাত্ৰী সকল গুৱাহাটীৰ পৰা নতুন দিল্লী আৰু মুম্বাই হৈ দুটা ভাগত বিভক্ত হৈ মদিনালৈ দুখন বিমান সলাই যাবলগীয়া হয়। গৈ পোৱাৰ পাছত হোটেলত থকাৰ নামত জীৱ জন্তুৰ দৰে থাকিবলগীয়া হয় দেশৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমৰ হজযাত্ৰী সকল। কিয়নো চাৰিজন থাকিব পৰা কোঠা একোটাত দহ – বাৰজনক থাকিব দিয়া হৈছিল। তাকো চাৰিজন যদি তেলেংগানা, বাকী কেইজন অসমৰ। অথচ হজলৈ যোৱাৰ আগতেই কেন্দ্ৰীয় হজ কমিটিৰ জৰিয়তে ভাৰতৰ আন ৰাজ্যৰ লগতে অসমৰো হজযাত্ৰী সকলে হজ সমাপনৰ সময়ত মক্কা আৰু মদিনাত থকা – খোৱাৰ বাবদ নিৰ্দ্ধাৰিত ধন জমা দিয়া হৈছিল। ইমানখিনিৰ পাছতো হজযাত্ৰী সকল কিয় তেনেকুৱা দূৰাৱস্থাৰ সন্মূখীন হবলগীয়া হল তাৰ বাবে এক উচ্চ পৰ্যায়ৰ তদন্ত আমি দাবী কৰিছো।
অসমকে ধৰি উত্তৰ পূবৰ হজযাত্ৰী সকলৰ উভতনি যাত্ৰা ১৫ জুলাইৰ পৰা আৰম্ভ হব। সিদিনা সন্ধিয়া ৫.৩০ বজাত যোৱাৰ দৰে উভতি আহিবলগীয়া হজযাত্ৰীৰ প্ৰথমটো দল নতুন দিল্লী হৈ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হব। তাৰ পাছত যোৱাৰ দৰে নতুন দিল্লী আৰু মুম্বাই হৈ হজযাত্ৰীৰ উভতনি যাত্ৰা আৰম্ভ হব আৰু এই প্ৰক্ৰিয়া ৩০ জুলাই পৰ্যন্ত চলিব। গুৱাহাটীত উপস্থিত হোৱাৰ পাছত বৰঝাৰ বিমানবন্দৰত সংবাদ মেলত সকলো কথা বিৱৰি কব বুলি জামানে সদৰি কৰিছে। উল্লেখযোগ্য যে অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্য কেইখনৰ পৰা মুঠ ৬০২৬জন হজযাত্রী পবিত্র হজ সমাপনৰ বাবে মক্কালৈ যোৱাৰ কথা আছিল। কিন্তু শেষ মুহূর্তত শাৰীৰিক অসুস্থতা আৰু বিভিন্ন কাৰণৰ বাবে ২৩৮ জন হজযাত্ৰী মক্কালৈ যাব নোৱাৰিলে। ২০ জুনত ১১.৪৫ বজাত ইণ্ডিগ সেৱাৰ বিমানৰে ১১৬ জনীয়া হজযাত্ৰীৰ শেষৰটো দল নতুন দিল্লী হৈ মক্কালৈ ৰাওনা হৈছিল। ইফালে মক্কাত থকা অৱস্থাত ৰোগত আক্ৰান্ত হৈ অসমৰ দুজন হজযাত্ৰীৰ মৃত্যু হয় আৰু দুয়োজনৰে ঘৰ আছিল শিৱসাগৰ জিলাত।