নিকিতা তোমৰ হত্যাকাণ্ডৰ আজি শুনানি গ্ৰহণ কৰা হয়। হাৰিয়ানাৰ ফৰিদাবাদ আদালতে শুকুৰবাৰে দুপৰীয়া শুনানিৰ সিদ্ধান্ত গ্ৰহণ কৰে।
সিদ্ধান্ত অনুসৰি নিকিতাৰ হত্যাকাৰীক আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
উল্লেখযোগ্য যে, আজিৰে পৰা প্ৰায় ৫ মাহ পূৰ্বে বিগত বৰ্ষৰ ২৬ অক্টোবৰত নিকিতা তোমৰক হত্যা কৰা হৈছিল।
ঘটনাটো সংঘটিত হোৱাৰ দুপৰীয়া ৩.৪৫ বজাত ফৰিদাবাদৰ বল্লভগড়ত কলেজৰ পৰা উভতি অহাৰ পথতে নিকিতাক হত্যা কৰা হৈছিল।
নিকিতাক ধৰ্ম পৰিৱৰ্তন কৰাৰ চেষ্টা চলাইছিল কিন্তু তাই অমান্তি হোৱাত হত্যা কৰিছিল হত্যাকাৰীয়ে।
নিকিতাৰ মাতৃয়ে কৰিছিল দাবী
আদালতৰ তৰফৰ পৰা সিদ্ধান্ত অহাৰ পূৰ্বে নিকিতাৰ মাতৃয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে, হত্যাকাৰীৰ ফাঁচীৰ শাস্তি হ’ব লাগে।
ইয়াতকৈ কম শাস্তিৰ অনুমতি নায়। এনে অপৰাধীৰ সমাজত থকাৰ কোনো অধিকাৰ নাই।
Photo credit: Google