অৰুণাচল প্রদেশ আৰু চীন অধিকৃত তিব্বতত যোৱা কেইবাদিনো ধৰি প্ৰৱল বৃষ্টিপাতৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পাইছে। ইফালে ৰাজ্যৰ আন কেবাটাও ঘাটৰ দৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত জাহাজ চলাচল কৰা তিনিওটা ঘাটত কালি সন্ধিয়াৰ পৰা জলস্তৰ বৃদ্ধি পোৱাত তিনিওটা ঘাটতে যাত্ৰীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি জাহাজৰ চলাচল বন্ধ ৰখা হয়। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ গুৱাহাটী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ এক সূত্ৰই জানিবলৈ দিয়া মতে শনিবাৰে সন্ধিয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত যাত্ৰীয়ে জাহাজত উঠা-নমা কৰা কাৰ্যত ব্যৱহাৰ কৰা কাঠৰ অস্থায়ী দলং পানীত বুৰ যায়।
ৰবিবাৰে গোটেই দিনটো বিভাগৰ শ্রমিক-কর্মচাৰীসকলে তৎপৰতাৰে কাম কৰি সন্ধিয়াৰ আগতেই যাত্রী উঠা-নমা কৰা দলং মেৰামতি কাৰ্য সম্পূৰ্ণ কৰিছে তুলিছে। সোমবাৰৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত জাহাজ চলাচল কৰি থকা তিনিটা ঘাট ক্রমে গুৱাহাটী-ৰজাদুৱাৰ, গুৱাহাটী-মধ্যম খণ্ড আৰু গুৱাহাটী-মাজগাঁৱৰ মাজত জাহাজ চলাচল স্বাভাবিক হোৱাৰ আশা আছে।