ইছলাম ধৰ্মৰ পাঁচটি মূল স্তম্ভৰ অন্যতম স্তম্ভ পৱিত্ৰ হজ্জ্ব পালনৰ উদ্দেশ্যে চলিত বৰ্ষৰ অহা ২১ মে’ৰ পৰা মক্কা-মদিনালৈ শুভ যাত্ৰা কৰিব বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা হজ যাত্ৰীসকলে। হজ্জ্ব যাত্ৰীসকলে যাতে ইছলামিক বিধি-বিধান মতে শুদ্ধকৈ হজ্জ্ব পালন কৰিব পাৰে, সেই উদ্দেশ্যে আজি জামিয়া ইছলামীয়া দাৰুল উলুম মৈৰাবাৰীৰ উদ্যোগত মাদ্ৰাছা প্ৰেক্ষাগৃহত এখনি পৱিত্ৰ হজ্জ্ব প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে।
উক্ত প্ৰশিক্ষণ শিবিৰৰ যোগেদি ৫০ গৰাকী হজ্জ যাত্ৰীক প্ৰশিক্ষকসকলে প্ৰশিক্ষণ প্ৰদান কৰে। জামিয়া ইছলামীয়া দাৰুল উলুম মৈৰাবাৰীৰ অধ্যক্ষ মুফতি মতলুবুৰ ৰহমান আৰু মৈৰাবাৰী নিউ হাই স্কুলৰ শিক্ষক মৌলানা আব্বাছ আলী চাহাব প্ৰশিক্ষক হিচাপে উপস্থিত থাকি আজিৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰে।