সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ BSFৰ পশ্চিম গুৱাহাটীৰ আজাৰা পাটগাওঁস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত চৌহদৰ আৱাসত বাস কৰা শিশু সকলৰ সহায়ক হোৱাকৈ এখন ‘অংকুৰ প্লে স্কুল’ স্থাপন কৰা হৈছে। BSFৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক দিনেশ কুমাৰ যাদৱৰ তত্ত্বাৱধানত স্থাপন কৰা ‘অংকুৰ প্লে স্কুল’ শীৰ্ষক শিক্ষানুষ্ঠানখন ১৩ জুলাইত আনুষ্ঠানিকভাৱে মুকলি কৰে BSFৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মহিলা কল্যাণ সংস্থাৰ সভাপতি ভাবনা যাদবে।
উল্লেখ্য যে তিনি বছৰ বয়সৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এই শিক্ষানুষ্ঠানত শিক্ষা আৰু খেলা- ধূলাৰ মাজেৰে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত গুৰুত্ব দিয়া। অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীৰ মাজত কুইজ, চিত্রাংকন প্রতিযোগিতাৰ উপৰি বিভিন্ন গীত-নৃত্য পৰিৱেশন কৰা হয়।