নিউজ ডেস্কঃ আজি বিটিএডিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলিছে ৷ ২১টা সমষ্টিত ৩.৬৪ লাখ ভোটাৰে ১৩০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ আমোদজনক ভাৱে বিটিএডিৰ মুঠ চাৰিখন জিলাৰ দুখন জিলাত বাক্সা আৰু ওদালগুৰি জিলাত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।ট্ৰেক্টৰত উঠি ভোট দিবলৈ আহিল প্ৰমোদ বড়োই ৷ ভাগ্য নিৰ্ণয় হ’ব প্ৰমোদ বড়ো,গোবিন্দ বড়ো, ধীৰেন বড়ো,চণ্ডী বড়ো, লৌমশ্ৰাও দৈমাৰী আৰু গণেশ কছাৰীৰ ৷
বাক্সা জিলাত ১১টা ওদালগুৰি জিলাৰ দুটা মহকুমাৰ মুঠ ১০টা পৰিষদীয় সমষ্টিত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ ভিতৰত ভেৰগাঁও মহকুমাৰ পাঁচটা পৰিষদীয় সমষ্টিত আছে মুঠ ২,৯৮,৭০৫গৰাকী ভোটাৰ। আনহাতে, ওদালগুৰি মহকুমাৰ ৫টা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩,২৩৭০৩গৰাকী।
উল্লেখ্য যে ওদালগুৰি জিলাত মুঠ ৬২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। জিলাখনত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৮০৭টা। মুঠ ভোটাৰ ৬,২২,৪০৮ গৰাকী।