শনিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত বাঁহৰ ভূঁৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰই শুভমুক্তি লাভ কৰে ৷ পৰিচালক নয়ন বৰদলৈৰ এক দুঃসাহসিক অভিযানকাৰী তথ্যছবি “দি সিবুক ” উদ্ধোধন কৰে সাংসদ অজিত কুমাৰ ভূঞাই ৷ লগতে অনুষ্ঠানটিত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, মীৰা বৰঠাকুৰৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি।
উল্লেখ্য যে ৩০ ছেপ্তেম্বৰৰ পৰা ৭ অক্টোবৰলৈ মাজুলী হৈ উমানন্দলৈ নয়ন বৰদলৈ, শেখৰ বৰদলৈ আৰু ৰিচন দলে লুইতৰ বুকুৱেদি এক দুঃসাহসিক যাত্ৰা আৰম্ভ কৰিছিল ৷ লুইতৰ বুকুৰে তিনি যুৱকৰ এক দুঃসাহসিক যাত্ৰক সকলোৱে শলাগিছে। যাত্ৰাকালত তেওঁলোকে সন্মুখীন হোৱা পৰিস্থিতিক ভিডিঅ’ আকাৰে আৱদ্ধ কৰি এখন তথ্য চিত্ৰ নিৰ্মাণ কৰে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত এই তথ্যচিত্ৰখনে মুক্তি লাভ কৰে।