মাজুলী উপ-নিৰ্বাচনত বিৰোধী দল কংগ্ৰেছ দলে অসম জাতীয় পৰিষদক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। বিৰোধী দল দুটাই একেলগে শাসকীয় বিজেপি দলৰ বিৰুদ্ধে যুঁজ দিব। উল্লেখ্য যে, ৰাজনৈতিক মিত্ৰতাৰে ৯৯নং মাজুলী বিধান সভা সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়াৰ কথা পূৰ্বেই প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ঘোষণা কৰিছিল। ইয়াৰ পিছৰে পৰা মাজুলী জিলা কংগ্ৰেছ কমিটিয়ে ইয়াৰ বিৰোধিতা কৰি অহাৰ সময়তে মাজুলীৰ কংগ্ৰেছৰ নেতা-কৰ্মীৰ সৈতে আলোচনাৰ বাবে আজি মাজুলী জেংৰাইমুখত উপস্হিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাসহ আন বহু নেতাৰ দল।
মাজুলী জিলা কংগ্ৰেছৰ সভাপতি দদি বৰুৱাৰ সভাপতিত্বত বৰপমুৱা ৰংগমঞ্চত অনুষ্ঠিত দলটোৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভাত ৰাজনৈতিক মিত্ৰতাৰ নামত অসম জাতীয় পৰিষদক এৰি দিয়া বিষয়টো লৈ মাজুলীৰ দলীয় নেতা-কৰ্মীসকলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰে। দলীয় কৰ্মীৰ প্ৰশ্নৰ উত্তৰত সভাপতি বৰাই দলীয় কৰ্মীৰ সন্মুখত কয় যে প্ৰদেশ কংগ্ৰেছৰ মুখলৈ চাই,অসমৰ মানুহৰ স্বাৰ্থত, ৰাজ্যখনৰ স্পৰ্শকাতৰ বিষয়বোৰত এখন সমূহীয়া যুদ্ধ দিয়াৰ স্বাৰ্থত ৰাজ্যখনৰ মূল বিৰোধী দল হিচাপে কংগ্ৰেছৰ নৈতিক দায়িত্ব পালন কৰাৰ স্বাৰ্থত মাজুলীৰ প্ৰতিগৰাকী দলীয় কৰ্মীক লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদ দলক সহায় কৰিবলৈ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।