নিউজ ডেস্কঃ শিশু বলৎকাৰকাৰীক ফাঁচীৰ আদেশ বিশ্বনাথ চাৰিআলি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ৷ বিশ্বনাথ চাৰিআলি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ফাঁচীৰ নিৰ্দেশ দিছে শিশু বলাৎকাৰ কৰি হত্যা কৰা মঙ্গল পাইকক ৷ ২০১৮ চনত মংগল পাইকে বলাৎকাৰ কৰি এটি ৩ বছৰীয়া শিশুক হত্যা কৰিছিল ৷ চতিয়া থানাত ২০৬/১৮ নম্বৰৰ এটা গোচৰ ৰুজু হৈছিল ৷ শোণিতপুৰৰ লখৰা বুঢ়াগাৱৰ মঙ্গল পাইক আহিছিল আলহি খাবলৈ বিশ্বনাথৰ দিকৰাই চাহ বাগিছালৈ ৷ আলহি খাবলৈ আহি আত্মীয়ক বলাৎকাৰ কৰিছিল মঙ্গলে ৷ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ দীপাংকৰ বৰাৰ আদালতে পকচ’ আইনৰ অধীনত ঘোষণা কৰে ফাঁচীৰ ৰায় ৷ ১/২০১৯ গোচৰত৩৬৪/ ৩৭৬,(A) 6 of পকচ (Pocso) আৰু ৩০২/২০১ ধাৰাৰ অধীনত দিলে এই ৰায়দান ৷