নিউজ ডেস্কঃ বিটিএডি নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজক প্ৰতিশ্ৰুতি দি নৱ কুমাৰ শৰণীয়াই কয় যে নিৰ্বাচনক লৈ বিটিএডি যথেষ্ট হিংসাত্মক কাৰ্য্যকলাপ সংঘটিত হৈ আছে ৷ সেয়েহে বিটিএডি নিৰ্বাচনত অধিক নিৰাপত্তাৰক্ষী মোটায়ন কৰিব লাগে বুলি শৰণীয়াই আহ্বান জনায় ৷ আনহাতে বিটিচিত এ.আই.ইউ.ডি.এফ আৰু কংগ্ৰেছে ভোট বিভাজন কৰিব বুলিও তেওঁ মত প্ৰকাশ কৰে ৷ বিটিএডিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এ.আই.ইউ.ডি.এফ আৰু কংগ্ৰেছক ব্যৱহাৰ কৰিব ৷ যাৰ বাবে কংগ্ৰেছে বিটিএডিত এখনো আসন লাভ নকৰিব ৷ ইয়াৰ বিপৰীতে নৱ কুমাৰ শৰণীয়া দৃঢ়তাৰে কয় যে তেওঁৰ দলৰ পৰা বিটিএডিত ১৮ গৰাকী প্ৰাৰ্থী জয়লাভ কৰিব সেয়া নিশ্চিত হৈ উঠিছে ইতিমধ্যে ৷ কিছুদিন পূৰ্ৱে মন্ত্ৰী হিমন্তই ঘোষণা কৰা অৰুণোদয় আচঁনিৰ নাম সলনি কৰি সূৰ্য্যোদয় আচঁনি ৰূপে ঘোষণা কৰা হ’ব বিটিচিত ৷ য’ত অৰুণোদয় আচঁনিৰ বিপৰীতে দুই হাজাৰ টকাকৈ লাভ কৰিব হিতাধিকাৰীয়ে এই আচঁনিত ৷ লগতে বিটিএডিত অজনজাতীয় লোকৰ ভূমি পট্টাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷
বিগত তিনি বছৰ পূৰ্বে বিটিচিত দুৰ্নীতি সন্দৰ্ভত মন্ত্ৰী হিমন্তক অৱগত কৰিছিল ৷ বিটিএডিত শৰণীয়াৰ চৰকাৰ হ’লে ইয়াৰ তদন্ত আযোগ গঠন কৰিব বুলি জনাই নৱ কুমাৰ শৰণীয়াই ৷ কিয়নো জলসিঞ্চন বিভাগতে বিটিচিত ১৬ শ কোটি টকাৰ দুৰ্নীতি হৈছিল ৷ যদি এই দুৰ্নীতি হিমন্ত জড়িত হৈ আছে তেন্তে হিমন্ত জেলত যোৱাটো নিশ্চিত হৈ পৰিব ৷ বিটিচিৰ প্ৰধান সমস্যাটো হ’ল ভূমি সমস্যা ৷ ১৭ বছৰে হাগ্ৰামা মহিলাৰীয়ে এই সমস্যাৰ কোনো সমাধান নকৰিলে ৷ কিন্তু নৱ কুমাৰ শৰণীয়ীৰ চৰকাৰ আহিলে অজনজাতীয় লোকৰ ভূমি পট্টাৰ দিয়াৰ ব্যৱস্থা কৰিব বুলি কয় নৱ কুমাৰ শৰণীয়াই ৷ ইয়াৰ উপৰিও প্ৰতিটো জনজাতিৰ বাবে চেটেলাইট কাউঞ্চিল ঘোষণা কৰা লগতে ভূপেন হাজৰিকাৰ নামত সাংস্কৃতিক কেন্দ্ৰ গঠন কৰা হ’ব বুলি ঘোষণা কৰে ৷