নিউজ ডেস্কঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ বাকাৰাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ দুই বন্যহস্তীৰ কৰুণ মৃত্যু৷ খাদ্যৰ সন্ধানত ওলাই অহা দুই মতা-মাইকী বন্যহস্তীয়ে বাঁহ গছ খাবলৈ ওলাওতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি ল’বলগীয়া হয় ।
স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী দল এটি ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰে। বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে মতা বন্যহস্তীটোৰ বয়স প্ৰায় ৪০ বছৰ আৰু মাইকী হাতীটোৰ বয়স ৩০ বছৰ মান হ’ব বুলি অৱগত কৰে ।