লতাশিল থানাত গোচৰ ৰুজু গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ বিৰুদ্ধে ৷
সাংবাদিক বিশ্বজিৎ নাথে ৰুজু কৰিছে সভাপতি মনোজ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰয়ৰ বিৰুদ্ধে গোচৰ ৷
গুৱাহাটী প্ৰেছ ক্লাৱৰ চৌহদত আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে এক অডিঅ’ সাক্ষাৎকাৰ আয়োজন কৰাৰ বাবেই গোচৰ ৰুজু কৰা হৈছে দুয়োগৰাকী সাংবাদিকৰ বিৰুদ্ধে ৷
২১ ফেব্ৰুৱাৰীৰ বিয়লি আয়োজন কৰা হৈছিল সাক্ষাৎকাৰ অনুষ্ঠান ৷
কুইপ’ ৰ দুই অপহৃত বিষয়াৰ চৰম শাস্তি সন্দৰ্ভত আলোচনাৰ বাবে আয়োজন কৰা হৈছিল অডিঅ’ সাক্ষাৎকাৰ ৷
কিন্তু অডিঅ’ সাক্ষাৎকাৰ অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷
বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ বিৰোধী আইন(UAPA)-১৯৬৭ ৰ অধীনত ৰুজু কৰিছে গোচৰ ৷
বিশ্বজিৎ নাথে সাংবাদিকৰ আগত কয়, ‘গুৱাহাটী প্ৰেছ ক্লাৱত আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে অডিঅ’ সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ কাৰণে সভাপতি আৰু সাধাৰণ সম্পাদকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছো কাৰণ UAPA এক্টৰ অধীনত নিষিদ্ধ ঘোষিত সংগঠনৰ মুৰব্বীৰ মতামত গ্ৰহণ কৰাটো দণ্ডণীয় অপৰাধ ৷’
photo: google