পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি সাগৰ সদৃশ জনসমৰ্থকেৰে মনোনয়ন পত্ৰ দাখিল কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
শুকুৰবাৰে অৰ্থাৎ অন্তিম দিনা মনোনয়ন পত্ৰ দাখিল কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
সোণাৰাম খেলপথাৰৰ পৰা বিশাল ৰেলীৰে আহি উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰে মনোনয়ন পত্ৰ ৷
মনোনয়ন পত্ৰ দাখিলৰ সময়ত নেডাৰ আহ্বায়কগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
লগতে উপস্থিত থাকে অৰুণাচন প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, মনিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিং আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাও উপস্থিত থাকে ৷
বিজেপিৰ সভাপতি ৰঞ্জিত দাস,মিত্ৰজোঁতৰ অংশীদাৰ অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত থাকে অনুষ্ঠানত ৷
বিজেপিৰ অসম প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, কেন্দ্ৰীয় কৃষিমন্তৰী নৰেন্দ্ৰ সিং টোমৰ, ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই সংগ দিয়ে মন্ত্ৰীগৰাকীক ৷
মনোনয়ন দাখিলৰ পূৰ্বে মা কামাখ্যা আৰু দৌল গোবিন্দ মন্দিৰত আশীষ ল’লে হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ্য, শুকুৰবাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৷