বকোৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা।
ৰাজাপাৰাত বৃহস্পতিবাৰে মাজনিশা সংঘটিত হয় দুৰ্ঘটনাটো ।
ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় দুজন যুৱক ৷
নিহত যুৱকদ্বয় দিগন্ত ৰাভা (২৪) আৰু সঞ্জয় বড়ো (২১)।
দুয়োৰে ঘৰ বকোৰ বন্দাপাৰা ২নং জালধাপাৰাত। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01 DC 8411
দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS01 AQ 8961।