২০ মাৰ্চত অসমত পুনৰ নিৰ্বাচনী প্ৰচাৰ চলাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত জানমুখ খেলপথাৰত এক বিশাল জনসভাত অংশ ল’ব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে জানমুখ খেলপথাৰ ।
দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ তিনিচুকীয়াৰ আই টি আই খেলপথাৰত হেলিপেডৰ ব্যৱস্থা কৰা হৈছে ৷
চাবুৱাত বিশাল ৰেলীত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপিৰ বিভিন্ন উন্নয়নমূলক কাৰ্যাৱলী তথা আঁচনি সন্দৰ্ভত ভাষণ প্ৰদান কৰিব ৷
পশ্চিম বংগতো নিৰ্বাচনী প্ৰচাৰ চলাব নৰেন্দ্ৰ মোদীয়ে ৷ টুইটাৰযোগে এই কথা প্ৰকাশ কৰে নৰেন্দ্ৰ মোদীয়ে ৷
Will be in Assam and West Bengal tomorrow and the day after.
Tomorrow, 20th March, I would be speaking at rallies in Kharagpur (WB) and Chabua (Assam). Will elaborate on BJP’s development agenda during my speeches. It is clear both states want to elect NDA in the upcoming polls.— Narendra Modi (@narendramodi) March 19, 2021