প্ৰধানমন্ত্ৰী মোদীয়ে আজি ৭৫তম ‘মন কী বাত’ত অসমৰ কাৰ্বি আংলঙৰ চিকাৰী তিচৌৰ বিষয়ে উল্লেখ কৰি এইদৰে কয়-মোৰ মৰমৰ দেশবাসীসকল, ভাৰতৰ জনসাধাৰণে যেতিয়া বিশ্বৰ যি কোনো প্ৰান্তলৈ যায়, গৌৰৱেৰে কয় যে তেওঁলোক ভাৰতীয়। আমি আমাৰ যোগ, আয়ুৰ্বেদ, দৰ্শন, এনে অগণন বিষয় আছে যাৰ বাবে আমি গৌৰৱান্বিত৷ আমাৰ স্থানীয় ভাষা, উপভাষা, পৰিচয়, শৈলী, খাদ্যৰ বাবেও গৌৰৱান্বিত। আমি নতুন হ’ব লাগিব আৰু সেয়াই হৈছে জীৱন, কিন্তু পৰম্পৰাও হেৰুৱাব নালাগিব। নতুন প্ৰজন্মৰ ওচৰলৈ আমাৰ চৌদিশৰ অপৰিসীম সাংস্কৃতিক ঐতিহ্যক প্ৰচাৰ কৰিবলৈ আমি অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি এই কাম অসমৰ বাসিন্দা ‘চিকাৰী টিচৌ’য়ে যথেষ্ট অধ্যৱসায়ৰ সৈতে কৰি আছে। কাৰ্বি আংলং জিলাৰ ‘চিকাৰী টিচৌ’ যোৱা ২০ বছৰ ধৰি কাৰ্বি ভাষাৰ নথি পত্ৰ প্ৰস্তুত কৰি আছে। ‘কাৰ্বি জনজাতীয়’ ভাই-ভনীসকলৰ ভাষা আজি মূলধাৰাৰ পৰা অদৃশ্য হৈ পৰিছে। শ্ৰীযুত চিকাৰী তিচৌৱে তেওঁৰ পৰিচয় ৰক্ষা কৰাৰ সিদ্ধান্ত লৈছিল আৰু আজি তেওঁৰ প্ৰচেষ্টাই কাৰ্বি ভাষাত যথেষ্ট নথি-পত্ৰৰ সৃষ্টি কৰিছে। তেওঁ নিজৰ প্ৰচেষ্টাৰ বাবে বহুতো প্ৰশংসা লাভ কৰিছে, আৰু বঁটাও লাভ কৰিছে। মই ‘মন কী বাত’ৰ জৰিয়তে শ্ৰীযুত চিকাৰী তিচৌজীক অভিনন্দন জনাইছো৷ দেশৰ বিভিন্ন প্ৰান্তত এনে বহুতো সাধক থাকিব যিয়ে এই ধৰণৰ কামত ব্ৰতী হৈ আছে আৰু মই তেওঁলোক সকলোকে অভিনন্দন জনাইছো।