‘আমাক লীডাৰ নহয়, কেডাৰহে লাগে। জধে মধে আহি বিজেপিত যোগ নিদিব।
বৰ্তমান লীডাৰগিৰি দেখুওৱাসকলৰ বাবে বিজেপি দুৱাৰ বন্ধ।’- এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ।
লগতে তেওঁ কয় যে, কোনোধৰণৰ সালসলনি নকৰাকৈ বৰ্তমানে থকা প্ৰতিজন বিধায়কে টিকট লাভ কৰিব ২০২১ৰ নিৰ্বাচনত।
কাৰো টিকট কৰ্তন নকৰে বিজেপিয়ে। প্ৰতিজন বিধায়কৰে কাম-কাজ ভাল।
নলবাৰীত অনুষ্ঠিত সভাত এই মন্তব্য প্ৰদান কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।
লগতে বিধায়কসকলৰ সকলো কাম-কাজৰ ছাৰ্ভে কৰা হৈ আছে।
ছাৰ্ভে কৰাৰ পিছতহে শেষ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব টিকট প্ৰদান কৰাৰ ক্ষেত্ৰত।
আনহাতে টিকট লাভৰ ক্ষেত্ৰত কোনো নতুন মুখ দেখা যাব নেকি, সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰত ৰণজিৎ দাসে কয় যে, সেয়া সময়তহে দেখা যাব।
Photo: Twitter