নিউজ ডেস্কঃ শুক্ৰবাৰে ৰাজ্য চৰকাৰে ৰাজ্যৰ হোষ্টেলসমুহ অহা ১৫ ডিচেম্বৰৰ পৰা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আৰু সেই অনুসৰি ৰাজ্য চৰকাৰে এছ. ও. পি প্ৰকাশ কৰে |এছ.ও.পিৰ নিৰ্দেশনা মতে ৰাজ্যত ডিচেম্বৰৰ ১৫ তাৰিখৰ পৰা ৫০ শতাংশৰে শিক্ষাৰ্থীৰে হোষ্টেল খোলা হ’ব | কেৱল অন্তিম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবেহে হোষ্টেল খোলা হ’ব | হোষ্টেলত থাকিব অহা শিক্ষাৰ্থীয়ে পিতৃ -মাতৃৰ অনুমতি পত্ৰ বা সন্মতি পত্ৰৰ প্ৰয়োজন হ’ব | হোষ্টেল খোলাৰ আগতে হোষ্টেলৰ ৱাৰ্ডেন,ৰান্ধনী সকলোকে ধৰি হোষ্টেলৰ সকলো কৰ্মচাৰীকে ৰেপিড এণ্টিজেন পৰীক্ষা কৰা হ’ব | লগতে হোষ্টেলৰ কোঠাসমুহ চেনিটাইজ কৰা হ’ব |ইয়াৰ উপৰিও হোষ্টেল সমূহ খোলাৰ আগতে সম্পূৰ্ণভাৱে পৰিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷