গুৱাহাটী মহানগৰীৰ ২ নং ৱাৰ্ডৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ( এ ই চি পথ ) পৰা তেঁতেলীয়ালৈ যোৱা পথছোৱাৰ ৰেল ক্রছিঙৰ দাঁতিত লোকনির্মাণ বিভাগে নিৰ্মাণ কৰা দলংখনত বিভাগীয় চৰম অৱহেলাৰ বাবে যিকোনো মুহূৰ্ততে ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আকাংক্ষাই দেখা দিছে । উল্লেখযোগ্য যে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত লোকনির্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ৩ নং ক্ষেত্ৰীয় উপ সংমণ্ডলৰ উদ্যোগত ২০১৯ – ২০ চনত পূৰ্বৰ কাঠৰ দলংখন ভাঙি নতুনকৈ কংক্ৰিটৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। কিন্ত দলংখনৰ নিৰ্মাণ কার্য সম্পূৰ্ণ হল যদিও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দিশৰ ফালে প্ৰয়োজনীয় মাটি নিদিয়াত দলঙৰ সেই ফালটো অতি বিপদ সংকুল হৈ পৰিছে। যাৰ বাবে চালকৰ সামান্য অসাৱধানতাৰ বাবে দলঙৰ ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
জানিব পৰা মতে গুৰুত্বপূৰ্ণ পথচোৱাৰ তদাৰকতাৰ দায়িত্বত থকা পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় উপ সংমণ্ডলৰ দায়িত্ববাহী অভিযন্তাই দলংখনৰ নিৰ্মাণৰ পাছত প্ৰথম অৱস্থাত বহুদিনলৈ দুয়োটা মূৰত উপযুক্ত ভাবে মাটি দি যাতায়ত সুচল কৰাৰ ক্ষেত্ৰত মনোযোগ দিয়া নাছিল। তাৰ পাছত চলিত বৰ্ষৰ আৰম্ভনিতে তেতেলীয়াৰ দিশৰ ফালৰ অংশটোত মাটি দি পুৰ কৰে। কিন্তু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দিশৰ ফালে মাটি দি পুৰ নকৰাত দলং নিৰ্মাণ হোৱাৰ পাছতো এতিয়াও বিপদসংকুল হৈ থাকিল দলংখন। এই সন্দৰ্ভত তেঁতেলীয়া আৰু এ ই চি চৌহদত বাস কৰা বাসিন্দা সকলে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক বিষয়টোত হস্তক্ষেপ কৰি নিৰ্মাণ কার্য শীঘ্ৰে সম্পন্ন কৰি গুৰুত্বপূৰ্ণ পথছোৱাৰ যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ দাবী জনাইছে।