আজি মাঘৰ উৰুকা। মাঘ তথা ভোগালীক আদৰাৰ বাবে ৰাজ্যজুৰি ব্যাপক উছাহ। ৰাজ্যৰ চৌদিশে উৰুকাৰ নিশা লগে–ভাগে এসাঁজ খাবলৈ চলিছে ব্যাপক প্ৰস্তুতি। প্ৰতিজন অসমীয়া ব্যস্ত ভোগালীৰ আনন্দত। উৰুকাৰ নিশা হেঁপাহেৰে এসাঁজ খাবলৈ পুৱাৰে পৰা বজাৰত ভিৰ কৰিছে ৰাইজে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা বজাৰসমূহত উভৈনদী হৈ পৰিছে বিভিন্ন মাছ। সকলোৱে নিজৰ পছন্দৰ মাছটো কিনিবলৈ ঢপলিয়াইছে মাছৰ বজাৰলৈ।
প্ৰতিখন বজাৰতে ভৰি পৰিছে ৰৌ, ভকুৱা, চিতল, বৰালী, আঁৰিৰ দৰে বিভিন্ন মাছ। গুৱাহাটীৰ উজান বজাৰ মাছঘাটতো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা মাছে ভৰি পৰিছে বজাৰ। ঠেঁটুৱৈ ধৰা জাৰতো পুৱাই বজাৰত বিৰ দি বাট নোপোৱা অৱস্থা। মুঠৰ ওপৰত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সীমাহীন ব্যস্ততা। উৰুকাৰ নিশা মাছে–মঙহে হেঁপাহেৰে এসাঁজ খাই ভোগালীক আদৰাৰ বাবে সাজু অসম আৰু অসমীয়া।