গুৱাহাটী, ২২ জুলাইঃ গুৱাহাটী মহানগৰীত যোৱাকালি এটা এ টি এম গৃহৰ ভিতৰত এক আশ্চর্যজনক ঘটনা সংঘটিত হয়। এজন ব্যক্তিয়ে দিন-দুপৰতে এটিএমৰ ভিতৰত প্ৰৱেশ কৰি হত্যাৰ চেষ্টা চলোৱা কাণ্ডক লৈ চৌপাশে চেপা উত্তেজনাই বিৰাজ কৰিছে । ঘটনাটো লাচিত নগৰৰ এটা এ টি এমত সংঘটিত হোৱা বুলি সূত্ৰযোগে জানিবলৈ পোৱা গৈছে।
ঘটনাটোৰ সাক্ষী হোৱা ব্যক্তি এজনে জানিবলৈ দিয়া অনুসৰি, ব্যক্তিজনে লাচিতনগৰৰ এটা এটিএমৰ ভিতৰত প্ৰৱেশ কৰি তেওঁৰ নিজ পত্নীকে ছুৰিকাঘাত কৰাৰ চেষ্টা কৰিছিল। পৰৱৰ্তী সময়ত ব্যক্তিজনৰ নাম সাগৰ দৰ্জী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আনহাতে, উক্ত অঞ্চলটোৰ লোকসকলে সাগৰ দৰ্জীক বন্দী কৰে ততাতৈয়াকৈ আৰক্ষীৰ হাতত গতাই দিয়ে।
ইপিনে, অভিযুক্ত সাগৰ দৰ্জীয়ে আৰক্ষীৰ ওচৰত অভিযোগ কৰি কয় যে, “তেওঁৰ পত্নীয়ে অন্য পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল। যাৰ বাবে সাগৰে নিজ পত্নীক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। বৰ্তমান সাগৰ দৰ্জী নামৰ অভিযুক্তজনক পল্টনবজাৰ আৰক্ষীয়ে কৰায়ত্ত কৰি ৰাখিছে আৰু আৰক্ষীৰ জেৰাত সাগৰে নগাঁৱৰ বাসিন্দা বুলি অৱগত কৰিছে।