দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা দেশজুৰি পালন কৰি অহা হৈছে আজাদি কা অমৃত মহোৎসৱ। আনহাতে স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত দেশৰ আন আন বিমানবন্দৰ সমূহৰ দৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটোও, আগন্তক স্বাধীনতা দিৱস উপলক্ষে, তিনি বৰণীয়া ৰঙৰে সজাই-পৰাই তোলা পৰিলক্ষিত হৈছে।
ইয়াৰ লগতে সংগতি ৰাখি আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি থকাও হৈছে। উল্লেখযোগ্য যে, স্বাধীনতা সংগ্ৰামত যিসকল অখ্যাত লোকে নেতৃত্ব দিছিল, তেওঁলোকৰ ফটোৰে এখন সুন্দৰ ক্ৰীপ সজাই তোলা হৈছে ।