ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ সদৃশ পৰিৱেশৰ মাজতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে পূব ইউক্ৰেইনৰ দুখনকৈ বিদ্ৰোহী তথা বিচ্ছিন্নতাবাদী অঞ্চলক স্বাধীন হিচাপে স্বীকৃতি প্ৰদান কৰে। এই অঞ্চল দুটা হৈছে ডনেটস্ক (Donetsk) আৰু লুগানস্ক(lugansk)।
পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ ওপৰত থকা নিষেধাজ্ঞাৰ সতৰ্কবাণী স্বত্বেও ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে চৰকাৰী দূৰদৰ্শনত সম্প্ৰচাৰিত এক ভাষণত দুয়োটা অঞ্চলক স্বাধীন স্বীকৃতি দিয়ে। ৰাছিয়াৰ এই পদক্ষেপৰ পিছতেই পশ্চিমীয়া দেশ আৰু ইউক্ৰেইনৰ উত্তেজনা বৃদ্ধিৰ আশংকা দেখা গৈছে।
এক অনুষ্ঠানত পুটিনে কয় যে “মই বিশ্বাস কৰোঁ যে ডনেটস্ক পিপলছ ৰিপাব্লিক আৰু লুগানস্ক পিপলছ ৰিপাব্লিকৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বক তৎক্ষণাৎ স্বীকৃতি দিয়াৰ বাবে দীৰ্ঘদিন ধৰি অমীমাংসিত সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয়।” ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ক্ৰেমলিনৰ বিদ্ৰোহী নেতাসকলৰ সৈতে পাৰস্পৰিক সাহায্য চুক্তি স্বাক্ষৰ কৰাৰ আগতে এই কথা কৈছিল।
আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ৰাষ্ট্ৰলৈ এক ভাষণ প্ৰদান কৰি কয় যে, ৰাছিয়ান ফেডাৰেচনৰ কাৰ্যকলাপ ইউক্ৰেইন অঞ্চলৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ উলংঘন। তেওঁ কৈছিল যে ইউক্ৰেইনে শান্তি বিচাৰে আৰু ৰাজনৈতিক আৰু কূটনৈতিক মীমাংসা সমৰ্থন কৰে। তেওঁ ঘোষণা কৰে যে ইউক্ৰেইনে তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ পৰা স্পষ্ট আৰু কাৰ্যকৰী পদক্ষেপৰ বাবে অপেক্ষা কৰি আছে।
সোমবাৰে ৰাছিয়াই ইউক্ৰেইনৰ অঞ্চলটোক স্বতন্ত্ৰ ঘোষণা কৰা কাৰ্যক লৈ আন্তঃৰাষ্ট্ৰীয় মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে। এই সম্পৰ্কত বৰিছ জনছনে কৈছিল যে ৰাছিয়াৰ এই পদক্ষেপ স্পষ্টভাৱে আন্তৰ্জাতিক আইন ভংগ আৰু ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ এক স্পষ্ট উলংঘন। তেওঁ লগতে এইদৰে কৈছিল, ‘মই ভাবো এইটো এটা অতি অশুভ লক্ষণ আৰু অতি অন্ধকাৰ চিন’। আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেনে আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়াক নিন্দা কৰাৰ লগতে নতুনকৈ স্বাধীনতা ঘোষণা কৰা অঞ্চলৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে।