ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধসদৃশ পৰিৱেশ চলি থকাৰ মাজতেই দুয়োখন দেশৰ যুদ্ধৰ আশংকাক লৈ উদ্বিগ্ন হৈ পৰিছে ভাৰতীয় দূতাবাস ৷ দুয়োখন দেশৰ মাজতেই অব্যাহত আছে আক্ৰমণ । ইতিমধ্যে ৰাছিয়াই সীমাৰ ওচৰত বৰ্তমান মুঠ এক লাখৰো অধিক সৈন্য মোতায়ন কৰি ৰখাৰ কথা দাবী কৰিছে ইউক্ৰেইনে ।
এই যুদ্ধসদৃশ পৰিৱেশৰ মাজতে ইউক্ৰেইনৰ বুক’ভিনিয়ান ৰাজ্যিক চিকিৎসা বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী অসমীয়া মেধাৱী ছাত্ৰই দেওবাৰে গোলাঘাটৰ শ্ৰীমন্ত নগৰৰ নিজা বাসগৃহত উপস্থিত হয় । এই মেধাৱী ছাত্ৰ গৰাকীৰ নাম বিনায়ক শৰ্মা ৷
উল্লেখ্য যে,দেশ দুখনৰ মাজত চলি থকা এনে অস্বাভাৱিক পৰিৱেশৰ বাবে শংকিত হৈ ইতিমধ্যে ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক ভাৰতলৈ উভতি আহিবলৈ আহ্বান জনাইছে ভাৰতীয় দূতাৱাসে । কিন্তু বৰ্তমানো বহু সংখ্যক ভাৰতৰ ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে ইউক্ৰেইনত ।