নিউজ ডেস্কঃ কেন্দ্ৰীয় তিনি কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তত অব্যাহত থকা কৃষক আন্দোলনত অংশগ্ৰহণ কৰাৰ আৰু তিনিজন বিদ্ৰোহী কৃষকৰ মৃত্যুয়ে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে । দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মৃত তিনিজন বিদ্ৰোহী কৃষকৰ এজন হৃদযন্ত্ৰ স্তব্ধ হোৱাৰ ফলত আৰু আন এজন জ্বৰত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে তৃতীয়জন কৃষকৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। মৃত কৃষককেইজন হৈছে ক্ৰমে পঞ্জাৱৰ সংগ্ৰুৰ জিলাৰ ছমচেৰ সিং (৪৫), যশনদ্বীপ সিং(১৮) আৰু হাৰিয়ানাৰ জগবীৰ সিং(৬০)। ছমচেৰ সিঙে হাৰিয়ানা-দিল্লী সীমান্তৰ চিঙ্ঘু আৰু জগবীৰ সিঙ আৰু যশনদ্বীপ সিঙে টিক্ৰি সীমান্তৰ কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰি আছিল বুলি দিল্লী আৰক্ষীয়ে মত প্ৰকাশ কৰিছে। জানিব পৰা মতে আন্দোলকাৰী কৃষকে আত্মহত্যা কৰাৰ লগতে বহুকেইজন কৃষকৰ প্ৰচণ্ড শীত আৰু অন্যান্য কাৰণতো মৃত্যু হৈ আছে ৷
উল্লেখ্য, দিল্লী সীমান্তৰ কৃষক আন্দোলনত অংশগ্ৰহণ কৰা পঞ্চাশ জনৰো অধিক বিদ্ৰোহী কৃষকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে কৃষক সংগঠনৰ নেতৃত্বই।