নিউজ ডেস্কঃ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখৰিয়ালে মংগলবাৰে শিক্ষকসকলৰ সৈতে হোৱা এক ভাৰ্চুৱেল বাৰ্তালাপত কয় যে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাটো অসম্ভৱ লগতে পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ’ব সেই সিদ্ধান্ত পিছত লোৱা হ’ব ৷ ইয়াৰ উপৰিও শিক্ষা মন্ত্ৰী গৰাকীয়ে ব’ৰ্ডৰ পৰীক্ষা অলনাইন মাধ্যমত অনুষ্ঠিত কৰিব নোৱাৰি বুলিও পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে।
উল্লেখ্য, যোৱা ১০ ডিচেম্বৰত শিক্ষাৰ্থীসকলৰ সৈতে হোৱা ভাৰ্চুৱেল বাৰ্তালাপত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ব’ৰ্ডৰ পৰীক্ষা অনলাইন মাধ্যমেৰে নহয় বুলি ঘোষণা কৰিছিল।ক’ৰোনা মহামাৰীৰ বাবেই যোৱা মাৰ্চ মাহৰ পৰা দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল যদিও ক’ভিড পৰিস্থিতি সামান্য উন্নত হোৱাৰ বাবে যোৱা ১৫ অক্টোবৰৰ পৰা কিছুমান ৰাজ্যত শিক্ষানুষ্ঠানসমূহ পুনৰ নিয়মীয়াকৈ পাঠদান আৰম্ভ হৈছে।