নাবালিকা ধৰ্ষিতাক বিয়া কৰোৱাৰ প্ৰস্তাৱ ধৰ্ষণকাৰীলৈ ৷
ধৰ্ষণকাৰীলৈ এই প্ৰস্তাৱ আগবঢ়ালে মহাৰাষ্ট্ৰৰ উচ্চতম ন্য়ায়ালয়ে ৷
গ্ৰেপ্তাৰৰ পৰা ৰেহাই বিচৰাৰ বাবেই এগৰাকী ধৰ্ষণকাৰীক ভুক্তভূগীক বিয়া কৰাবলৈ সাজু আছেনে বুলি প্ৰশ্ন উত্থাপন কৰে চুপ্ৰিম কৰ্টে ৷
মহাৰাষ্ট্ৰৰ ষ্টেট ইলেকট্ৰিচিটি কোম্পানীত টেকনিচিয়ান হিচাপে কৰ্মৰত মোহিত সুভাষ চৌহান এগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগত অভিযুক্ত ৷
বলাৎকাৰৰ উপৰিও ব্য়ক্তিগৰাকীৰ ওপৰত POSCO এক্টৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷
চাকৰি হেৰুৱাৰ ভয়ত গ্ৰেপ্তাৰৰ পৰা ৰেহাই বিছাৰিছিল অভিযুক্তই ৷
মহাৰাষ্ট্ৰৰ নিম্ন আদালতে মোহিত সুভাষ চৌহানক গ্ৰেপ্তাৰৰ পৰা ৰেহাই দিছিল কিন্তু পিছত বম্বে উচ্চ ন্যায়ালয়ে ৰেহাই উঠাই লয় ৷
শেষত ধৰ্ষিতাক বিয়া কৰাবলৈ ধৰ্ষণকাৰীগৰাকীয়ে ইচ্ছা প্ৰকাশ কৰে যদিও ধৰ্ষিতাই নিজেই মানা কৰে কাৰণ তেওঁ বিবাহিত ৷
শেষত আদালতে ৰায় দিয়ে যে ৪ সপ্তাহৰ বাবে গ্ৰেপ্তাৰৰ পৰা ৰেহাই দিয়া হৈছে যদিও নিম্ন আদালতত গৈ আবেদন কৰিব লাগিব ৷