ছ’চিয়েল মিডিয়াত ভাইৰেল জমেট’ ডেলিভাৰী বয়ৰ ঘটনাই লৈছে নতুন মোৰ ৷
হিতেচা চন্দ্ৰানীৰ বিৰুদ্ধে অভিযুক্ত জমেট’ ডেলিভাৰী বয় কামাৰাজে ৰুজু কৰিছে গোচৰ ৷
মহিলাগৰাকীয়ে প্ৰথমে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে কামাৰাজে ৷
১০ মাৰ্চত হিতেচা চন্দ্ৰানীয়ে গোচৰ ৰুজু কৰা থানাখনতেই তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷
ছ’চিয়েল মিডিয়াত হিতেচা চন্দ্ৰানীয়ে ৯ মাৰ্চত তেওঁক আক্ৰমণ কৰাৰ ঘটনা বিৱৰি ভিডিঅ’ পোষ্ট কৰাৰ পিছতেই গ্ৰেপ্তাৰ হৈছিল ডেলিভাৰী বয় কামাৰাজ ৷
আৰক্ষীৰ জিম্মাত কামাৰজে দাবী কৰে যে প্ৰথমে তেওঁকহে আক্ৰমণ কৰা হৈছিল ৷
পিছত আৰক্ষীয়ে হিতেচা চন্দ্ৰানীৰ বিৰুদ্ধে আক্ৰমণ, ফৌজদাৰী আৰু ইচ্ছাকৃত অপমান কৰাৰ অভিযোগত ৰুজু কৰিলে গোচৰ ৷
ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই আছে আৰক্ষীয়ে ৷
লগতে মহিলাগৰাকীক ক্ষমা খুজাৰ কথাও উল্লেখ কৰিছে কামাৰাজে ৷
৯ মাৰ্চৰ উক্ত ভিডিঅ’টো বৰ্তমান ডিলিট কৰিছে হিতেচা চন্দ্ৰানীয়ে ৷
ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’টোৰ সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷