প্রধানমন্ত্রীয়ে উত্তৰ-পূৱত শুভাৰম্ভ কৰে কেইবাটাও নতুন প্রকল্প। ভাৰ্ছুৱেল মাধ্যমৰ জড়িয়তে এই প্রকল্পসমূহ উদ্বোধন কৰে প্রধানমন্ত্রীগৰাকীয়ে। লামডিং সংমণ্ডলৰ অধীনস্থ ৪৬টা প্রকল্প দেশবাসীলৈ উছৰ্গা কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে, প্রধানমন্ত্রী মুকলি কৰে বদৰপুৰত নিৰ্মাণ হোৱা ভাৰতীয় জন ঔষধি কেন্দ্র। নিউ বঙাইগাঁৱৰ পৰা আজ্ঞাঠুৰীলৈ নিৰ্মাণ হোৱা দ্বৈত ৰে’লপথৰ শুভাৰম্ভ কৰে নৰেন্দ্ৰ মোডীয়ে। গতিশক্তি কাৰ্গো টাৰ্মিনেলো মুকলি কৰে প্রধানমন্ত্রীগৰাকীয়ে। লগতে ৩৬ খন ওৱান ষ্টেচন ওৱান প্রডাক্ট বিপণীৰো শুভাৰম্ভ কৰে।