আজি পুৱা দুটাকৈ ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছিল ৰাজ্য।
এই ভূমিকম্পৰ ফলতে আজি অসমৰ জনপ্ৰিয় বনভোজস্থলী ভৈৰৱকুণ্ড পাহাৰ খহি পৰে।
ভৈৰৱকুণ্ড পাহাৰ খনৰ এটা অংশ সম্পূৰ্ণৰূপে খহি পৰিছে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে।
পুৱা প্ৰায় ৭.৫২ বজাত প্ৰথমটো ভূমিকম্প অনুভূত হোৱাৰ পিছতে দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৮ বাজি ৩ মিনিটত।
প্ৰথমটো জোকাৰণি প্ৰায় ৩০ ছেকেণ্ড ধৰি অনুভূত হয়।
ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ বুলি জানিব পৰা গৈছে।
ৰিখটাৰ স্কেলত প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭।
এই ভূমিকম্পৰ ফলত অসমৰ বিভিন্ন স্থানত বিস্তৰ ক্ষয়–ক্ষতি সাধন হৈছে।