মণিপুৰৰ মীৰাবাই চানুৱে টকিঅ’ অলিম্পিক ২০২০ ত ভাৰতৰ হৈ প্ৰথম পদক লাভ কৰিছে। ভাৰোত্তোলক চানুৱে মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জিকিছে।
মীৰাবাইৰ আন্তৰ্জাতিক সফলতা আহিছিল ২০১৪ চনত গ্লাছগো কমনৱেলথ গেমছত, তেতিয়াৰ ১৯ বছৰীয়া যুৱতীগৰাকীয়ে মুঠ ১৭০ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি ৰূপৰ পদক লাভ কৰে।
টকিঅ’ ২০১৬-ৰ হতাশাৰ পিছত তেওঁৰ প্ৰথমটো মুখ্য প্ৰতিযোগিতা অৰ্থাৎ ২০১৭ চনত এনাহেইমত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
এপ্ৰিলত তাচখন্দত অনুষ্ঠিত ২০২১ চনৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ সময়ত মীৰাবাই চানুৱে ১১৯ কিলোগ্ৰাম লিফ্টৰ সৈতে মহিলাৰ ৪৯ কিলোগ্ৰাম ক্লিন এণ্ড জাৰ্কত এক নতুন বিশ্ব অভিলেখ গঢ়িছিল।
ক্ৰীড়াক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৮ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু ৰাজীৱ গান্ধী খেল ৰত্ন প্ৰদান কৰিছিল।