মহাৰাষ্ট্ৰৰ কৰ্মচাৰীক কৰ্তব্যৰত অৱস্থাত মোবাইল ফোনৰ ব্যৱহাৰত নিষেধাজ্ঞা।সাধাৰন প্ৰশাসন বিভাগে এক নিৰ্দেশনা যোগে বলৱৎ কৰিছে এই বিধি।জাননীত এয়াও কোৱা হৈছে যে কৰ্তব্যৰত অৱস্থাত অনাৱশ্যকভাৱে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত চৰকাৰৰ ভাৱমূৰ্তি ম্লান হ’ব পাৰে।
আনহাতে কামৰ সময়ত কোনো কৰ্মচাৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব । বিশেষ প্ৰয়োজনত কৰ্মচাৰীয়ে লিখিত বাৰ্তাহে প্ৰেৰণ কৰিব পাৰিব। আকৌ কোনো ব্যক্তিগত ফোন আহিলে সেয়া কাৰ্যালয়ৰ পৰিসৰৰ বাহিৰলৈ গৈহে গ্ৰহণ কৰিব পাৰিব।আনহাতে পেগাছাছৰ চলি থকা বিতৰ্কৰ বাবে এই নিৰ্দেশ দিয়া হৈছে বুলি বিশেষ সূত্ৰত প্ৰকাশ।