আজি সাংবাদিকৰে হোৱা বাৰ্তালাপত এন এল এফ বিৰ মুৰব্বী এম বাথাই আগবঢ়াই কেতবোৰ বিস্ফোৰক মন্তব্য। বাথাই কয় যে তেওঁ আৰু তেওঁৰ সতীৰ্থসকলে আত্মসমৰ্পণ কৰা নাই। বৰঞ্চ শান্তি চুক্তিৰ বাবেহে আগুৱাই আহিছে। সংবাদমাধ্যমত তেওঁ আত্মসমৰ্পণ কৰা বুলি প্ৰচাৰ হোৱা খবৰ অসত্য। তেওঁ লগতে কয় যে তেওঁৰ সৈতে ২২ গৰাকী সদস্য শান্তি আলোচনাৰ বাবে আগুৱাই আহিছে আৰু বিটিআৰ চুক্তি সফলভাৱে ৰূপায়িত হোৱাৰ পিছত সংগঠনটো ভংগ কৰি দিয়া হ’ব।তেতিয়া ২০০তকৈ অধিক কে়ডাৰ শান্তি আলোচনাৰ বাবে ওলাই আহিব।
অৱশ্যে শান্তি আলোচনাৰ বাবে কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। তেওঁ কয় যে আলোচনা দুমাহত সমাপ্ত কৰে নে দুবছৰ অথবা ৫ বছৰৰ পিছত কৰে সেই কথা মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰিব। অৱশ্যে বৃহস্পতিবাৰে এন এল এফ বিৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত বিপৰীত মন্তব্যহে প্ৰকাশ কৰা হৈছিল। প্ৰেছ বিজ্ঞপ্তিটোত স্পষ্টভাৱে উক্ত দিনটোৰ পৰাই সংগঠনটো মূলসুঁতিত চামিল হোৱা বুলি প্ৰকাশ কৰা হৈছিল।