বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে বিভিন্ন প্ৰতিশ্ৰুতিৰে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ।
ইস্তাহাৰত সগৌৰৱে উল্লেখ কৰিলে বিভিন্ন প্ৰতিশ্ৰুতি। মূলতে কৰ্ম সংস্থাপনৰ ওপৰত দিয়া প্ৰতিশ্ৰুতি উল্লেখনীয়।
কাৰণ ইস্তাহাৰৰ ৫নং সংকল্পত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সংশোধন আৰু সকলো বিবাদৰ কথা উল্লেখ কৰা হৈছে লগতে ৮নং সংকল্পত ২ লাখ চৰকাৰী চাকৰি প্ৰদানৰ কথা কোৱা হৈছে।
কিন্তু সেই একে সময়তে একে দলৰ কেন্দ্ৰীয় চৰকাৰৰ এক সিদ্ধান্তই বিপৰীত ছবিহে দেখুৱাইছে।
কাৰণ চলিত বৰ্ষৰ ২৩ মাৰ্চত ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাননীয় মহাপঞ্জীয়কৰ কাৰ্যালয়ে পত্ৰ নং 1/5/2020-NRC/15296ৰ জৰিয়তে বৰ্তমান কৰ্মৰত ৪৫৫ গৰাকী কৰ্মচাৰীক তাৎক্ষণিকভাৱে অব্যাহতি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে।
এই অনাকাংক্ষিত নিৰ্দেশে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰকল্পত বৰ্তমানে কৰ্মৰত ৪৫৫ গৰাকী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱনলৈ দুৰ্যোগৰ অমানিশা নমাই আনিব।
এইসকল অহৰ্নিশে নিজৰ উল্লেখযোগ্য কৰ্ম অৱদানেৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সপোন বাস্তৱায়িত কৰিছে।
উল্লেখ্য ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰকল্পৰ কাম-কাজসমূহ কেন্দ্ৰীয়ভাৱে পৰিচালনা কৰাৰ সুবিধাৰ্থে ভাৰতৰ মহাপঞ্জীয়কৰ অনুমোদন সাপেক্ষে লিখিত পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰৰ জৰিয়তে ঠিকাভিত্তিকভাৱে কিছুসংখ্যক কৰ্মচাৰীক নিয়োজিত কৰা হৈছিল।
ৰাজ্যিক নাগৰিক পঞ্জীয়ক (ৰাজ্যিক সমন্বয়ক), জিলা নাগৰিক পঞ্জীয়ক (জিলা উপায়ুক্ত), মহকুমা নাগৰিক পঞ্জীয়ক (মহকুমাধিপতি), চক্ৰ নাগৰিক পঞ্জীয়ক (চক্ৰ বিষয়া), স্থানীয় নাগৰিক পঞ্জীয়কৰ সহায়ক হোৱাকৈ সকলো ব্যৱস্থাপনা কৰিবলৈ লগতে প্ৰকল্পৰ কাম-কাজ পৰ্যবেক্ষণ আৰু নিৰীক্ষণ কৰাৰ বাবে এইসকলক নিযুক্ত কৰা হৈছিল।
যোগদান কৰাৰ দিনৰে পৰা তেওঁলোকে তেতিয়াৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সেৱা কেন্দ্ৰ স্থাপন, ক্ষেত্ৰভিত্তিক পৰীক্ষণ, নথিপত্ৰ পৰীক্ষণ, সমগ্ৰ অসমৰ প্ৰায় ৪০,০০০ স্থানীয় চৰকাৰী বিষয়া-কৰ্মচাৰীক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰকল্পৰ কামত নিযুক্ত কৰা আদিৰ দৰে বিভিন্ন কামত জড়িত আছিল।
কিন্তু এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, ২৩ মাৰ্চত কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰি কৰ্মচাৰীসকলৰ মূৰত মাধমাৰ শোধাইছে।
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰকল্পত জড়িত হৈ থকা এই কৰ্মচাৰীসকলৰ কথা এবাৰো ভাবিবলৈ সময় নোহোৱা হ’ল নেকি কেন্দ্ৰৰ।
কিয় একেটা দলৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্তৰ মাজত আছে আকাশ-পাতালৰ প্ৰাৰ্থক্য?
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই সিদ্ধান্তৰ প্ৰয়োজনীয়তাই বা কাৰণ কি?
Photo: Google