যোৱা বৃহস্পতিবাৰে নিশা দিল্লীৰ এখন আৰক্ষী থানালৈ ফোন কৰি ছলমান নামৰ ২২ বছৰীয়া এগৰাকী যুৱকে দিয়ে প্ৰধানমন্ত্ৰী মোডীক হত্যাৰ ভাবুকি।‘মই মোডীক মাৰি পেলাম’ বুলি যুৱকজনে টেলিফোনত ভাবুকি দিয়াৰ লগে লগেই হাহাকাৰ লাগি পৰে দিল্লী আৰক্ষীৰ মাজত।
অপৰাধীক বিচাৰি অতি তৎপৰতাৰে অভিযান আৰম্ভ কৰা আৰক্ষীয়ে অৱশ্যে সোনকালেই সফলতা লাভ কৰে। নিশাটোৰ ভিতৰতে খাজুৰী খাচ থানাৰ আৰক্ষীৰ জালত পৰে ছলমান।ইতিমধ্যেই কেইবাটাও গোচৰত অভিযুক্ত ছলমানক সোধা-পোছা কৰি আছে আৰক্ষীয়ে।