অসম বিধানসভা নিৰ্বাচনক লৈ জোৰদাৰ প্ৰচাৰ অভিযান চলাই আছে প্ৰতিটো দলে।
শনিবাৰে চাবুৱাত ৰেলীৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক আৱেগিক আহ্বান জনাই কয় যে- এজন চাহ দোকানীয়ে যদি আপোনালোকৰ দুখ বুজি নাপাই তেন্তে কোনে বুজিব।
লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’লে যে- মই আশ্বাস দিছো যে, NDA চৰকাৰে চাহ-বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ জীৱন ভাল কৰিবলৈ চেষ্টা কৰিব।
#WATCH: "..Ek chaiwala, aapke dard ko nahi samjhega toh kaun samjhega.. I assure you that NDA govt will accelerate the efforts to further improve the quality of life for tea garden workers," says Prime Minister Narendra Modi in Chabua#AssamAssemblyPolls pic.twitter.com/qWExloyBMW
— ANI (@ANI) March 20, 2021
প্ৰধানমন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰি কয় যে,
কংগ্ৰেছ সেইসমূহ দলৰ সৈতে হাত মিলাইছে যিসমূহ অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ বাবে বিপদ।
অসমৰ প্ৰতিটো অংশৰ বিকাশ বিজেপিৰ প্ৰাথমিকতা।
আমি ৰাজ্যৰ সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষিত ৰখাত প্ৰতিশ্ৰুতিবদ্ধ।
লগতে তেওঁ ক’লে যে, কংগ্ৰেছ অসমৰ ৰাইজৰ পৰা বহুত আঁতৰত গুচি গৈছে।
কিছুদিন পূৰ্বে তেওঁলোকে শ্ৰীলংকাৰ ফটো শ্বেয়াৰ কৰি লিখিছিল কৈছিল যে সেয়া অসমৰ হয়।
এয়া অসমৰ সুন্দৰতাৰ প্ৰতি অপমান।
তেওঁ ক’লে, “মই এইটো দেখি দুখ পাইছো যে যিটো কংগ্ৰেছ দলে দেশত ৫০-৫৫ বছৰলৈ ৰাজত্ব কৰিলে, তেওঁলোকে সেইসকল লোকক সমৰ্থন কৰিছে, যিসকলে ভাৰতৰ চাহৰ ছবি ধ্বংস কৰি দিব বিচাৰিছিল। আপোনালোকে এনেকুৱা দলক ক্ষমা কৰিব নেকি? তেওঁলোকে শাস্তি পাব লাগে নে নালাগে?”
অসমৰ চাহক বদনাম কৰিবলৈ টুলকিট চাৰ্কুলেট কৰিলে। কংগ্ৰেছ দলে সেই টুলকিট প্ৰস্তুতকাৰীসকলক সমৰ্থন কৰিছে আৰু তাৰ পিছত অসমক ভোট খুজিবলৈ কেনেদৰে সাহস কৰিলে। আমি জানো এয়া পাহৰিব পাৰো?
Photo: Google