দেশত ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছে ক’ৰোনা টীকা উৎসৱ।
১১এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ দেশৰ সকলো ৰাজ্যতে ক’ৰোনা টীকা অনুস্থান আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে।দেশৰ সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীৰে হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই টীকা উৎসৱৰ জৰিয়তে দেশৰ অধিক সংখ্যক জনসাধাৰণক ক’ৰোনা প্ৰতিষেধক প্ৰদান কৰা লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।
লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনাইছিল যে এই টীকা উৎসৱৰ জৰিয়তে দেশত ক’ৰোনা সংক্ৰমণ হ্ৰাস হব।
Photo Credit:Google