নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত ৰাজনৈতিক দলসমূহে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ বন্যায়েই হওক অথবা গেৰাণ্টীৰ বন্যা, অৰ্থ একেটাই ৷
মাথোঁ অভিধা বেলেগ ৷ আনহাতে বিজেপিয়ে আগবঢ়াইছে ১০টা সংকল্প ৷
অগপই নিজকে অসমৰ ৰাইজৰ কণ্ঠ বুলি অভিহিত কৰি তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহ দাঙি ধৰি পোনপ্ৰথমে অসম চুক্তি ৰূপায়ণৰ কথা উল্লেখ কৰিছে ৷
যিটো ইছ্যু লৈ অগপৰ উত্থান ঘটিছিল, দহটা বছৰৰ শাসনকাল লগতে বিজেপিৰ সৈতে এবছৰীয়া মিত্ৰজোঁটত থাকিও সেই সমস্যাৰ সমাধান কৰিব নোৱাৰিলে ৷
এন আৰ চি ভালুকৰ সাঙীলৈ পৰিণত হ’ল৷
আনহাতে ‘কা’ আন্দোলনৰ গইনা লৈ জন্ম হোৱা ‘ৰাইজৰ দল’ আৰু ‘অসম জাতীয় পৰিষদ’ৰ ভূমিকাও সিমান সবল নহয় ৷
ৰাজ্যখনৰ আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাসমূহ পৰীক্ষা নকৰাকৈয়ে নিৰ্বাচনী ইস্তাহাৰত এগাল প্ৰতিশ্ৰুতি দিছে ৰাইজক৷
ইয়াত স্বাভাৱিকতে এক বিশেষ মনস্তাত্বিকে ক্ৰিয়া কৰে ৷ মানুহৰ মন সেইফালেই ঢাল খায় যিফালে তেওঁলোকে বিচাৰে ৷
বৰ্তমান বান সমস্যাই আক্ৰান্ত কৰা অসমৰ ৰাইজক শাসকীয় দলে পোন প্ৰথমেই বানৰ বিভীষিকাৰ পৰা মুক্ত কৰা হ’ব বুলি সংকল্প গ্ৰহণ কৰিছে ৷
স্বাভাৱিকতে অসমৰ সৰল জনসাধাৰণৰ মন ইয়াতেই ক্ৰিয়া কৰে ৷
ঠিক সেইদৰে বিৰোধী মহাজোঁটে ‘কা’ বাতিলৰ কথা কৈছে ৷
সৌ সিদিনা ‘কা’ আন্দোলনৰ পৰা সামান্য বিশ্ৰাম পোৱা অসমীয়াক জোঁকাৰি যাবলৈ এই শব্দটোৱেই যথেষ্ট ৷
ৰাজ্যখনৰ সাৰ্বিক উন্নয়নৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিলে ৰাইজে উন্নয়নৰ আধাৰতেই ভোট দিব৷
ক্ষমতাত থকাৰ সময়ছোৱাত অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব নোৱাৰা,
বিভিন্ন জন পৰিপন্থী সিদ্ধান্ত গ্ৰহণ তথা অসাৰ প্ৰতিশ্ৰুতিৰে ৰাজপাট দখলৰ চেষ্টা কৰা দলসমূহে জনসাধাৰণৰ আবেগৰ সৈতে যিধৰণে খেল খেলিবলৈ ধৰিছে সেয়া বিজ্ঞ মহলে ইতিমধ্যেই প্ৰকাশ কৰিছে ৷
বিবেকৰ জয় হ’ব নে আস্থাৰ জয় হ’ব সেয়া প্ৰফ্সুটিত হ’ব ২ মে’ দেওবাৰে?
Photo: Google