এতিয়াও অব্যাহত আছে কৃষক আইন বিৰোধী আন্দোলন। সোমবাৰে কৃষক আইনৰ বিৰোধিতা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে নিজেই ট্ৰেক্টৰ চলাই সদনত উপস্থিত হয়।
“আপোনালোকে যদি খেতি বিক্ৰী কৰিবলৈ বাধ্য কৰে, তেন্তে সদনত ট্ৰেক্টৰ চলিব, সত্যৰ খেতি কৰিহে এৰিম।
কৃষি বিৰোধী আইন উঠাই লওক।”
যুৱৰাজ গান্ধীৰ লগতে দলৰ অন্য বিধায়কসকলেও ট্ৰেক্টৰেৰে যাত্ৰা কৰে।