সুস্মিতা দেৱ- – – বৰাকৰ শক্তিশালী কংগ্ৰেছ নেত্ৰী তথা সদৌ ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী। কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধৰ উদ্দেশ্যে প্ৰস্তুত কৰা বিশেষ গামোচা ডিঙিত ল’বলৈ অসন্মত হৈছিল এইগৰাকী নেত্ৰী।তেওঁৰ সিদিনাৰ কাৰ্যৰ বাবে বাৰুকৈয়ে বিব্ৰতবোধ কৰিবলগীয়া হৈছিল কংগ্ৰেছ নেতৃত্বই। ব্ৰহ্মপুত্ৰ উপত্যকাত ‘কা’ বিৰোধ কৰা কংগ্ৰেছে বৰাকত ‘কা’ সমৰ্থন কৰে বুলিও চৰ্চা চলিছিল।
আনহাতে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে বৰাকৰ বঙালী হিন্দু প্ৰধান সমষ্টিসমূহত ‘কা’ বিৰোধিতা কংগ্ৰেছৰ বাবে বৰ বেছি সুবিধাজনক কচৰতো নহয়।সেইবাবেই বিতৰ্কিত আইনখন সম্পৰ্কত বৰাকৰ বঙালী কংগ্ৰেছ নেতৃত্বই প্ৰায়েই মৌনতা অৱলম্বন কৰে।সেইসকলৰ ভিতৰত সুস্মিতা দেৱ অন্যতম।
যি নহওঁক,এতিয়া ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগৰ পিছতে এক সৰৱ চৰ্চা চলিছে- – – সুস্মিতা দেৱেও হেনো অহা জুলাইত কংগ্ৰেছ ত্যাগ কৰিব! আৰু কুৰ্মীৰ দৰেই নিজৰ সমৰ্থকসহ তেওঁ যোগ দিব বিজেপিত। একেই ধৰণৰ চৰ্চা চলিছে প্ৰাক্তন মন্ত্ৰী তথা বি পি এফ নেতা চন্দন ব্ৰহ্ম আৰু নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ক্ষেত্ৰতো।অৱশ্যেই হৈ থকা চৰ্চাৰ সত্যতা জানিবলৈ আমি অপেক্ষা কৰিব লাগিব আৰু কিছু সময়।